Posts

Showing posts from 2017

সংগীবিহীন

Image

অসমীয়াৰ দুৰৱস্থা কিয়?

Image
অসমীয়াৰ দুৰৱস্থা কিয়? একালত অদম্য সাহস, দেশপ্ৰেম, শৃংখলাবোধৰ দৃষ্টান্ত ৰাখি শত্ৰুপক্ষৰো প্ৰশংসাৰ পাত্ৰ হোৱা এই সাহসী, সুশৃংখলিত, অদম্য অসমীয়া জাতিটো বৰ্তমান অৱক্ষয়ৰ গৰাহত পৰিছে নেকি ? বিভিন্ন জনগোষ্ঠীৰ মিলনভূমি স্বৰূপে পৰিগণিত সুজলা-সুফলা , সুন্দৰ জলবায়ু তথা সাৰুৱা এই ভূখণ্ডত বিভিন্ন জাতি-ধৰ্ম-কৃষ্টি-সংস্কৃতিৰ লোকসকলে অতীজৰেপৰা মিলা-প্ৰীতিৰে বাস কৰি আহি আজিৰ সময়ত আত্মনিয়ন্ত্ৰণ, আত্মগৌৰৱ, সম্পদৰ অধিকাৰক জলাঞ্জলি দিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হৈছে কিয় ? অসমৰ মাটি-পানী-বায়ুৰ সৈতে কোনো সম্পৰ্ক নথকা এচাম বহিৰাগত ক্ষমতালোভী, সম্পদলোভী লোকে এই ভূখণ্ডৰ জনসাধাৰণৰ মাজত বিজতৰীয়া সংস্কৃতি তথা বিভেদৰ বীজ সিঁচি আগ্ৰাসী মনোভাবেৰে তিল তিলকৈ একালৰ এই দুৰ্দান্ত জাতিটোক পংগু কৰাৰ এক সুচিন্তিত পৰিকল্পনা ৰচিছে নেকি ? এই প্ৰশ্নবোৰ আজিকালি বহু সচেতন ব্যক্তিৰে মনত খেলোৱা হৈছে। বৰ্তমান সময়ত বহুতৰে ভোগসৰ্বস্ব মানসিকতাই সামাজিক মূল্যবোধৰ অৱক্ষয় ঘটোৱা পৰিলক্ষিত হৈছে। দেশপ্ৰেম তথা নৈতিক চেতনাক ভৰিৰে মোহাৰি নানা অসাধু প্ৰক্ৰিয়া অৱলম্বন কৰি নিজকে শক্তিশালী তথা সম্পদশালী হোৱাৰ প্ৰচেষ্টাত ব্ৰতী হোৱা দেখা যায়। ...

যৌতুক - এক প্ৰথা

Image
যৌতুক -  এক প্ৰথা বিবাহ ,হেজাৰ সপোন আৰু হেজাৰ আশাৰ বান্ধোন | বিবাহৰ লগতেই জড়িত এক প্ৰথা হ'ল যৌতুক | প্ৰথা বুলিয়েই ক'ব লাগিব যিহেতু ই পৰম্পৰাগতভাবে বহু বছৰ ধৰি চলি আহিছে | অসমীয়া সমাজত ইয়াৰ প্ৰভাৱ নাই বুলিলে ভুল হ'ব কাৰণ যৌতুক বুলিলে কেৱল দাবী কৰাকে নুবুজাই , বিয়া এখনত যেতিয়া কইনাৰ লাগতিয়াল বস্তু বুলি সমাজৰ ৰীতিৰ নামত বিভিন্ন ধৰণৰ আচবাব আদি গতাই দিয়া হয় সিও এক প্ৰকাৰৰ যৌতুকৰ সাৰিতেই পৰে | এজন পিতৃয়ে নিজ কন্যাক পঢ়ায় শুনাই সমাজৰ বাবে যোগ্য কৰি তোলে | তাৰ পিছতো সেই কন্যাৰ বিয়াৰ বাবে যৌতুক দিব লগা হয় কিয়? সমাজৰ ভয়ত ,কন্যাৰ ভবিষ্যতৰ ভয়ত ,কাৰণ যৌতুকে এক প্ৰথা হিচাপে স্থান পাইছে | কিয় সেই কন্যা যাৰ ঘৰলৈ তেওঁ বিবাহ হৈ যাব সেই পুৰুষজনক কোৱা নহয় যৌতুকৰ বিষয়ে | পিতৃয়ে গঢ়ি তোলা এগৰাকী শিক্ষিত কন্যা নিজ ঘৰ এৰি নিজ পিতৃ মাতৃ এৰি আন এখন ঘৰ আপোন কৰি লয় ইমান মূল্যৱান বস্তু এৰি অহাৰ পিছতো যৌতুকৰ দাবী কৰা হয় কিয়? বৰ্তমান সময়ত এই প্ৰথাৰ ওপৰত চৰকাৰে বিভিন্ন ধৰণৰ পদক্ষেপ হাতত লৈছে যদিও বহুতো জেগাত যৌতুকৰ বাবে এগৰাকী নাৰীক মানসিক তথা শাৰীৰিক অত্যাচাৰ কৰা হয় | গতিকে আমি অসমীয়া জাতিয়েও এই প...