যৌতুক - এক প্ৰথা
বিবাহ ,হেজাৰ সপোন আৰু হেজাৰ আশাৰ বান্ধোন | বিবাহৰ লগতেই জড়িত এক প্ৰথা হ'ল যৌতুক | প্ৰথা বুলিয়েই ক'ব লাগিব যিহেতু ই পৰম্পৰাগতভাবে বহু বছৰ ধৰি চলি আহিছে | অসমীয়া সমাজত ইয়াৰ প্ৰভাৱ নাই বুলিলে ভুল হ'ব কাৰণ যৌতুক বুলিলে কেৱল দাবী কৰাকে নুবুজাই , বিয়া এখনত যেতিয়া কইনাৰ লাগতিয়াল বস্তু বুলি সমাজৰ ৰীতিৰ নামত বিভিন্ন ধৰণৰ আচবাব আদি গতাই দিয়া হয় সিও এক প্ৰকাৰৰ যৌতুকৰ সাৰিতেই পৰে | এজন পিতৃয়ে নিজ কন্যাক পঢ়ায় শুনাই সমাজৰ বাবে যোগ্য কৰি তোলে | তাৰ পিছতো সেই কন্যাৰ বিয়াৰ বাবে যৌতুক দিব লগা হয় কিয়? সমাজৰ ভয়ত ,কন্যাৰ ভবিষ্যতৰ ভয়ত ,কাৰণ যৌতুকে এক প্ৰথা হিচাপে স্থান পাইছে | কিয় সেই কন্যা যাৰ ঘৰলৈ তেওঁ বিবাহ হৈ যাব সেই পুৰুষজনক কোৱা নহয় যৌতুকৰ বিষয়ে | পিতৃয়ে গঢ়ি তোলা এগৰাকী শিক্ষিত কন্যা নিজ ঘৰ এৰি নিজ পিতৃ মাতৃ এৰি আন এখন ঘৰ আপোন কৰি লয় ইমান মূল্যৱান বস্তু এৰি অহাৰ পিছতো যৌতুকৰ দাবী কৰা হয় কিয়? বৰ্তমান সময়ত এই প্ৰথাৰ ওপৰত চৰকাৰে বিভিন্ন ধৰণৰ পদক্ষেপ হাতত লৈছে যদিও বহুতো জেগাত যৌতুকৰ বাবে এগৰাকী নাৰীক মানসিক তথা শাৰীৰিক অত্যাচাৰ কৰা হয় | গতিকে আমি অসমীয়া জাতিয়েও এই প্ৰথা যাৰ আমাৰ জীৱনত কোনো প্ৰয়োজনেই নাই তাৰ বাবে ব্যৱস্থা হাতত লোৱা উচিত | কেৱল এজনেই এই ধাৰা বন্ধ কৰিব নোৱাৰে সকলোৱে মিলি যেতিয়া এই অপ্ৰয়োজনীয় প্ৰথাটি ৰোধ কৰিব তেতিয়াহে আমি সকলোৱে ইয়াৰ পৰা সম্পূৰ্ণৰূপে মুক্ত হ'লো বুলি ক'ব পাৰিম |


Comments
Post a Comment