প্ৰতাৰণা




তুমি মোক দিয়া প্ৰতিটো
প্ৰতিশ্ৰোতিয়ে মিছা আছিল৷
জীৱন বাটত নিসংগ কৰি
পুনৰ আতৰি গ'লা 
  দূৰ দিগন্তলৈ৷৷
কিহত হৈছিল ভুল 
এবাৰো নক’লা৷
প্ৰাণঢালি ভালপাইছিলো
তোমাক,হয়তো 
এয়েই মোৰ ভুল৷
বিচৰা নাছিলো প্ৰেমৰ
বিনিময়ত, 
তোমাৰ পৰা কোনো প্ৰতিদান৷
আজি কবিতাৰ প্ৰতিটো
শব্দই....
নিৰৰ্থক আৰু অৰ্থহীন
হৈ পৰিছে৷
কিয় জানানে???
মোৰ কবিতাৰ প্ৰতিটো                     শাৰীত
জীৱন্ত কৰি তোলো তোমাক,আৰু
তোমাৰ চকুযোৰী৷
আজি সম্পূৰ্ণ নিসংগ মই...
মাথো আছে হিদয়ত অতিতৰ
সেই সুন্দৰ স্মৃতি৷
সেই স্মৃতিকে বুকুত বান্ধি
যাম,
জীৱনৰ পথ আগোৱাম৷
নাহিবা আৰু তুমি মোৰ
কাষলৈ,
নালাগে তোমাৰ চলনাময়ী মৰম৷৷
পাৰা যদি মোক ক্ষমা কৰিবা৷৷৷

✍ অভিলাষ গগৈ
ফটো:-অভিলাষ বৰুৱা

Comments

Popular posts from this blog

জোনাক ৰাতিৰ স্মৃতি

স্তব্ধ নিশা