জোনাক ৰাতিৰ স্মৃতি
এদিন তোমাৰ হাতত তুলি দিছিলো বাহীৰ মাততকৈও
কোমল এটি গান।
ভালপোৱাৰ এজাৰবুলীয়া গান, এদিন,
অঘৰী বতাহে কোবাইছিল
তোমাৰ জৱাফুলিয়া আচল,
চুলিৰ মেঘত তিৰবিৰাইছিল গাভৰু জোন।
দুচকুত প্ৰতিশ্ৰ্ৰোতিৰ নিলীম আকাশ
এদিন,
এই নদীৰ পাৰতেই আমি হৈছিলো প্ৰেমিক আকাশ আৰু
মাটিৰ
কবি আৰু কবিতাৰ
মগ্ন হৈছিলো গুণ গুণ কথাৰ
বাৰ্ণিল শোভাযাত্ৰাত।
আকৌ এদিন,
এমুঠি লাজ আৰু বিশ্বাসৰ এমুঠি জোনাক তোমাৰ দুহাতত
দিয়াত তুমি চুইছিলা মোৰ ওঠ আৰু বুকুৰ শস্যৱতী পথাৰ।
চকুৰ পুখুৰীত জলমাইছিল আৱেগৰ মণি।
আৰু এদিন,
এই নদীৰ পাৰতেই তুমি ঘূৰাই দিছিলা মোৰ সেউজীয়া
চিঠিবোৰ। বুকুত গোজি দিছিলা মুঠি মুঠি দুখৰ কঠিয়া।
সেইদিন ধৰি লিখা নাই মই প্ৰেমৰ কবিতা।
হোৱা নাই মাতাল কোমল সুৰৰ মাতত
গোৱা নাই মই কোনো প্ৰেমৰ গান জোনাক ৰাতিৰ
নিৰ্জন নিজস্তব্ধতাত।।
✍ অভিলাষ গগৈ
ফটো: অভিলাষ বৰুৱা
Comments
Post a Comment