সংগীবিহীন
আজিও মনত পৰে সেই
অতিতৰ প্ৰতিতো পল।
কিন্তু, সি আজি মাথোঁ স্মৃতি।।
কেতিয়াবা নিৰ্জন স্তব্ধতাত
যেতিয়া ভাহি উঠে সেই ৰঙীন স্মৃতি
তেতিয়া, একাজলি চকুলো ওলাই
মই নজনাকৈয়ে........
অস্থিৰ হৈ পৰে সেই পলত
মোৰ হদয়ৰ আৱেগবোৰ।
মাথো মৌনতাৰে চাই ৰওঁ
পশ্চিমত মাৰ যোৱা হেঙুলীয়া বেলিটি।
বুকুৰ কোনোবা কোণৰ পৰা ওলাই আহে
হেৰুৱা অতিতৰ এটি বিষাদ ভৰা স্বৰ।
সেই পলত, চাই ৰওঁ মাথোঁ দূৰ দিগন্তলৈ
কিজানি হেৰুৱা অতিতক বিচাৰি পাওঁ ???
✍ অভিলাষ গগৈ।
ফটো:-অভিলাষ বৰুৱা
# Copyright©
Comments
Post a Comment