পুৱতিৰ বেলাত

ৰাতিপুৱাৰ এই নিৰ্জন পলত
দেখিছানে সৌ পূৱ আকাশৰ
সেঙুলীয়া বেলিটো।
আৰু শোনিছানে গছৰ ডালে-ডালে
পাতৰ আৰে-আৰে,
চৰাইবোৰে আনন্দত গীত গোৱা।
নিশাৰ আন্ধাৰ ফালি হৈ পৰিল ৰঙীন
প্ৰকৃতিৰ উদাসীন ৰসনবোৰ।
এজাক হিম চেঁচা মলয়া বতাহে আহি
দি যায় হদয়ত আকুলতাৰ স্পৰ্শ।
হদয়ে এই পলত কাষত বিচাৰিছে তোমাক।
শোনিছানে বাৰু তুমি ??
মোৰ হদয়ৰ আকুল আহ্বান।।
✍ অভিলাষ গগৈ।
ফটো:-অভিলাষ বৰুৱা
# Copyright©

Comments

Popular posts from this blog

জোনাক ৰাতিৰ স্মৃতি

প্ৰতাৰণা

স্তব্ধ নিশা