Posts

Showing posts from 2016

প্ৰতাৰণা

Image
তুমি মোক দিয়া প্ৰতিটো প্ৰতিশ্ৰোতিয়ে মিছা আছিল৷ জীৱন বাটত নিসংগ কৰি পুনৰ আতৰি গ'লা    দূৰ দিগন্তলৈ৷৷ কিহত হৈছিল ভুল  এবাৰো নক’লা৷ প্ৰাণঢালি ভালপাইছিলো তোমাক,হয়তো  এয়েই মোৰ ভুল৷ বিচৰা নাছিলো প্ৰেমৰ বিনিময়ত,  তোমাৰ পৰা কোনো প্ৰতিদান৷ আজি কবিতাৰ প্ৰতিটো শব্দই.... নিৰৰ্থক আৰু অৰ্থহীন হৈ পৰিছে৷ কিয় জানানে??? মোৰ কবিতাৰ প্ৰতিটো                     শাৰীত জীৱন্ত কৰি তোলো তোমাক,আৰু তোমাৰ চকুযোৰী৷ আজি সম্পূৰ্ণ নিসংগ মই... মাথো আছে হিদয়ত অতিতৰ সেই সুন্দৰ স্মৃতি৷ সেই স্মৃতিকে বুকুত বান্ধি যাম, জীৱনৰ পথ আগোৱাম৷ নাহিবা আৰু তুমি মোৰ কাষলৈ, নালাগে তোমাৰ চলনাময়ী  মৰম৷৷ পাৰা যদি মোক ক্ষমা কৰিবা৷৷৷ ✍ অভিলাষ গগৈ ফটো:-অভিলাষ বৰুৱা

প্ৰেম

Image
প্ৰেম জীৱন্ত অথচ অদৃশ্য এক সুন্দৰ উপলব্ধি হৃদয়ৰ। পবিত্ৰ হদয়ত ইয়াৰ জন্ম। বিশ্বাসেই ইয়াৰ স্থায়িত্ব, মৰম যাৰ বিকল্প।। সেয়েহে ই স্বৰ্গীয়। ✍ পম্পি বৰা ফটো:-দেবাংগ বৰা # Copyright©

সপোন

Image
সপোনৰ বাটেদি আহিবা এবাৰ                       মাথোঁ এবাৰ, আঁউসীৰ মোৰ হদয়ৰ মাজত      এবাৰ আহি মাথোঁ জোনাক সিচি যাবা। আউসীৰ হৃদয়খন লৈ আছো কেনেকৈ জীয়াই, এবাৰ যাবা চাই কেৱল মোৰ বাবে।।।  ✍ অভিলাষ গগৈ ফটো:-অভিলাষ বৰুৱা #Copyright©

সংগীবিহীন

Image
আজিও মনত পৰে সেই অতিতৰ প্ৰতিতো পল। কিন্তু, সি আজি মাথোঁ স্মৃতি।। কেতিয়াবা নিৰ্জন স্তব্ধতাত যেতিয়া ভাহি উঠে সেই ৰঙীন স্মৃতি তেতিয়া, একাজলি চকুলো ওলাই মই নজনাকৈয়ে........ অস্থিৰ হৈ পৰে সেই পলত মোৰ হদয়ৰ আৱেগবোৰ। মাথো মৌনতাৰে চাই ৰওঁ পশ্চিমত মাৰ যোৱা হেঙুলীয়া বেলিটি। বুকুৰ কোনোবা কোণৰ পৰা ওলাই আহে হেৰুৱা অতিতৰ এটি বিষাদ ভৰা স্বৰ। সেই পলত, চাই ৰওঁ মাথোঁ দূৰ দিগন্তলৈ কিজানি হেৰুৱা অতিতক বিচাৰি পাওঁ ??? ✍ অভিলাষ গগৈ। ফটো:-অভিলাষ বৰুৱা # Copyright©

জোনাক ৰাতিৰ স্মৃতি

Image
এদিন তোমাৰ হাতত তুলি দিছিলো বাহীৰ মাততকৈও কোমল এটি গান। ভালপোৱাৰ এজাৰবুলীয়া গান, এদিন, অঘৰী বতাহে কোবাইছিল তোমাৰ জৱাফুলিয়া আচল, চুলিৰ মেঘত তিৰবিৰাইছিল গাভৰু জোন। দুচকুত প্ৰতিশ্ৰ্ৰোতিৰ নিলীম আকাশ এদিন, এই নদীৰ পাৰতেই আমি হৈছিলো প্ৰেমিক আকাশ আৰু মাটিৰ কবি আৰু কবিতাৰ মগ্ন হৈছিলো গুণ গুণ কথাৰ বাৰ্ণিল শোভাযাত্ৰাত। আকৌ এদিন, এমুঠি লাজ আৰু বিশ্বাসৰ এমুঠি জোনাক তোমাৰ দুহাতত দিয়াত তুমি চুইছিলা মোৰ ওঠ আৰু বুকুৰ শস্যৱতী পথাৰ। চকুৰ পুখুৰীত জলমাইছিল আৱেগৰ মণি। আৰু এদিন, এই নদীৰ পাৰতেই তুমি ঘূৰাই দিছিলা মোৰ সেউজীয়া চিঠিবোৰ। বুকুত গোজি দিছিলা মুঠি মুঠি দুখৰ কঠিয়া। সেইদিন ধৰি লিখা নাই মই প্ৰেমৰ কবিতা। হোৱা নাই মাতাল কোমল সুৰৰ মাতত গোৱা নাই মই কোনো প্ৰেমৰ গান জোনাক ৰাতিৰ নিৰ্জন নিজস্তব্ধতাত।। ✍ অভিলাষ গগৈ ফটো: অভিলাষ বৰুৱা 

শৰৎ

Image
তুমি নাহিলে মোৰ শৰৎ নাহে কিন্তু শেৱালি সৰে। মোৰ অনুপস্থিতিত হয়তো তোমাৰ জোনাক হ'ব কিন্তু তোমাৰ অনুপস্থিতিত মোৰ আন্ধাৰ হ'ব। মোৰ হদয় চিৰকাল তোমাৰ সতে তথাপি কিয় মোৰ চকুলো বৰসে। ✍ অভিলাষ গগৈ। ফটো:-অভিলাষ বৰুৱা # Copyright©

স্তব্ধ নিশা

Image
স্বপ্নমদি জোনাকী নিশা তোমাৰ কথাই কপাই তুলিছিল বুকুৰ কোমল হদয়খনি। বুকুৰ সেউজী উপকুলত জিৰ-জিৰকৈ বৈ যায় শোণিত নিজৰাৰ সুঁতি। বিশ্বাসৰ সুৰভিয়ে কিয় চুবখোজে আজি হদয়ৰ গভীৰতা ?? ✍ অভিলাষ গগৈ। ফটো: দেবাংগ বৰা # Copyright©

আহ্বান

Image
মোৰ সপোন শেৱালি বুটলি, কেতিয়া হবাহি তুমি মোৰ আপোন আলহী।কেতিয়া আহিবা,কেতিয়া আঁকিবা তোমাৰ কপালত মোৰ সেন্দুৰীয়া ঠিকনা। ✍ অভিলাষ গগৈ। ফটো:-অভিলাষ বৰুৱা # Copyright©

পুৱতিৰ বেলাত

Image
ৰাতিপুৱাৰ এই নিৰ্জন পলত দেখিছানে সৌ পূৱ আকাশৰ সেঙুলীয়া বেলিটো। আৰু শোনিছানে গছৰ ডালে-ডালে পাতৰ আৰে-আৰে, চৰাইবোৰে আনন্দত গীত গোৱা। নিশাৰ আন্ধাৰ ফালি হৈ পৰিল ৰঙীন প্ৰকৃতিৰ উদাসীন ৰসনবোৰ। এজাক হিম চেঁচা মলয়া বতাহে আহি দি যায় হদয়ত আকুলতাৰ স্পৰ্শ। হদয়ে এই পলত কাষত বিচাৰিছে তোমাক। শোনিছানে বাৰু তুমি ?? মোৰ হদয়ৰ আকুল আহ্বান।। ✍ অভিলাষ গগৈ। ফটো:-অভিলাষ বৰুৱা # Copyright©

যুৱ শক্তি

Image
জাগা জাগা আজি দেশৰ যুৱ শক্তি তোমাৰ শক্তিৰে সঁজাই তোলা আজি জোনাকীৰ দেশ। বিশ্বাস,অহিংসাৰ ভগা সাঁকো জোৰা দি।  হিংসা,জাতিৰ ভেদা-ভেদ পাহৰি শক্তিশালী হোৱা দেহেৰে মনেৰে। বুকুৰ তেজৰে গঢ়া পঁজাবোৰ  সজাঁই তোলা পুনৰ নিজ শক্তিৰে। আৰু যদি তুমি সাহসী হোৱা ! দেশ আৰু জাতিৰ জীৱনটো হৈ পৰিব ৰঙীন। ৰাতিবোৰ হৈ পৰিব স্নিগ্ধ জোনাক বিলোৱা এখন নিৰ্মল আকাশ। তুমি ধৈৰ্যহীন নহবা যুৱ শক্তি, নহ'লে বিভিষিকাময় হ'ব পাৰে তোমাৰ বাবে জীৱনতকৈও শ্ৰেষ্ঠ। সেয়ে যুৱ শক্তি তুমি সাহসী হোৱা শক্তিশালী হোৱা দেহেৰে মনেৰে। আৰু গঢ়ি তোলা দেশ আৰু সমাজৰ ৰঙীন ভবিষ্যত।। ✍ অভিলাষ গগৈ ফটো:-অভিলাষ বৰুৱা #Copyright©

অনুপস্হিতি

Image
তুমি নহ'লেও অনুভব কৰোঁ  হৃদয়ত তোমাৰ উপস্থিতি।  তুমি নহ'লেও শোনো তোমাৰ সুৰৰ কোমল প্ৰতিধ্বনি। তুমিয়েই দি গ'লা হদয়ত  অজুত প্ৰেমৰ ভাষা, তুমিয়েই দি গ'লা হদয়ত সৌন্দৰ্য্যময় কল্পনাৰ চেতনা।  কল্পনাৰেই আৱিস্কাৰ কৰোঁ তোমাক আৰু, তোমাৰ চকুযোৰী।  মাথো নিৰৱে বয় চকুলো তোমাক কল্পনাৰে আৱিস্কাৰ কৰি। ভাবো, তুমি বাৰু আগৰ দৰেই আছানে??  ✍ অভিলাষ গগৈ। ফটো:-অভিলাষ বৰুৱা #Copyright©